শৃংখল চলিহাক বিশ্ৰামৰ নিৰ্দেশ…দিয়া নাই,মই নিজেইহে লৈছো বিশ্ৰাম–শৃংখল

0

শুকুৰবাৰে হঠাত ৰাজহুৱা হৈ পৰা এখন নিৰ্দেশনা পত্ৰক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি। পত্ৰখন, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহালৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনে।

সংগঠনৰ পেডত আনুষ্ঠানিকভাবে প্ৰেৰণ কৰা চিঠিখনক কোৱা হৈছে নিৰ্দেশনা পত্ৰ বুলি। নিৰ্দেশনা পত্ৰখনত মুখ্য সচিবে লিখিছে…
প্ৰতি শ্ৰীযুত শৃংখল চলিহা
কেন্দ্ৰীয় প্ৰশাসনিক সচিব
বীৰ লাচিত সেনা,অসম

মহোদয়,
ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে-আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৮ ছেপ্তেম্বৰ-২০২৫ তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম,সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ’ল।
এই সময়ছোৱাত আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ’ল।

 ৰণ্টু পানীফুকন

মুখ্যসচিব,বীৰ লাচিত সেনা, অসম

ৰণ্টু পানীফুকনৰ এই নিৰ্দেশনা পত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হ’ল সংবাদ আৰু সামাজিক মাধ্যমত। অনেকৰ অনেক কথা। কোনোৱে ক’লে, শৃংখলক নাকী লগালে। কোনোৱে ক’লে, বেছি উৰিছিল সৰি পৰিল। শেহতীয়াভাবে উজনিৰ পৰা মিঞা খেদা আন্দোলনক লৈ শৃংখল চলিহাই গ্ৰহণ কৰা পদক্ষেপ-শৃংখলৰ কথা বাৰ্তা, আচৰণ আদিক লৈও সংগঠনটো ভিতৰি ভিতৰি অসন্তুষ্ঠ হৈ আছিল আৰু তাৰেই পৰিণতিত শৃংখলক বিশ্ৰামৰ নিৰ্দেশ বুলিও ক’লে দুই এজনে।

অৱশ্যে হৈ থকা এই চৰ্চাক নস্যাত কৰিছে শৃংখল চলিহাই। সংবাদ মাধ্যমৰ সমুখত শৃংখলৰ দাবী,দিয়া নাই,মই নিজেইহে লৈছো বিশ্ৰাম। শাৰিৰীক কিছু অসুস্থতা আৰু এটা অস্ত্ৰোপচাৰ কৰিবলগা আছে বাবেই এমাহৰ বাবে নিজেই বিশ্ৰাম লোৱা বুলি ক’লে শৃংখল চলিহাই। প্ৰকৃত কথাটো কি? সেয়া জানিব সংগঠনটোৰ নেতৃত্বইহে।

Leave A Reply

Your email address will not be published.