এটা ভাল খবৰঃ সামাজিক মাধ্যমযোগে জনালে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই…

ভাল খবৰ…
জনালে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই…
উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা বন বিভাগৰ ২৩ গৰাকী বনকৰ্মী আৰু তেওঁলোকৰ সৈতে থকা ৩ গৰাকী সহযোগী।
দিমা হাছাও–কাৰ্বি আংলং–নাগালেণ্ড সীমান্তৱৰ্তী দুৰ্গম বনাঞ্চলত টহল আৰু অভিযান চলাই থকা সময়ত নেটৱৰ্ক সংযোগ নথকাৰ বাবে দলটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। প্ৰায় দুদিন ধৰি কোনো যোগাযোগ স্থাপন কৰিব নোৱাৰাৰ পিছত বন বিভাগ, আৰক্ষী আৰু জিলা প্ৰশাসনে যৌথভাৱে ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰে। এই অভিযানত ড্ৰোন আৰু জ্যেষ্ঠ IFS বিষয়াসকলেও সহায় আগবঢ়ায়। আৰু সকলোৰে বাবে স্বস্তিৰ খবৰ এয়ে যে দুটা দিনৰ অন্তত সন্ধান পোৱা গ’ল সন্ধানহীন বন বিভাগৰ দলটোৰ। উদ্ধাৰ হোৱা দলটোত লাংটিং ৰেঞ্জ, মান্দেৰডিছা ৰেঞ্জ, হাতীখোলা ৰেঞ্জ আৰু মাইবং ৰেঞ্জৰ বনকৰ্মীসকল অন্তৰ্ভুক্ত আছিল।

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লগতে উল্লেখ কৰে যে এই ঘটনাই আমাৰ বনকৰ্মীসকলৰ অসাধাৰণ কৰ্তব্যনিষ্ঠাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰে। অসমৰ বন, বন্যপ্ৰাণী আৰু প্ৰাকৃতিক ঐতিহ্য সুৰক্ষিত ৰাখিবলৈ তেওঁলোকে নিজৰ জীৱনৰ বিপদকো নেওচি অতি দুৰ্গম আৰু প্ৰতিকূল অঞ্চলত কৰ্তব্য পালন কৰি আহিছে।
অনুসন্ধান অভিযানত জড়িত সকলো সংস্থাক আন্তৰিক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে। । লগতে অসমৰ বাবে নিষ্ঠা আৰু সাহসেৰে সেৱা আগবঢ়াই অহা সাহসী বনকৰ্মীসকলক আন্তৰিক অভিনন্দন আৰু সশ্ৰদ্ধ সম্ভাষণ মন্ত্ৰী গৰাকীৰ।