শহুৰেকৰ লগত শুব লাগে…নুশুৱাৰ বাবেই…
অশ্লীল-লজ্জাজনক-এটা ঘটনা সংঘটিত হৈছে এইখন মহানগৰীতে। গুৱাহাটীৰ কাহিলীপাৰাত শহুৰেকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই গোটেই নিশা দুই সন্তানসহ ঘৰৰ বাহিৰত কটাব লগা হল এগৰাকী বিধৱা বোৱাৰীয়ে।
ঘটনা কাহিলীপাৰাৰ হিড়িম্বাপুৰৰ ।বৃহস্পতিবাৰৰ নিশা।অংকু-বৰ্ণিল ভৱন। হাউছ নং টেন এ।
ঘৰটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ। বাহিৰত স্থানীয় একাংশ পুৰুষ মহিলা। দুৱাৰ খুলিবলৈ চেষ্টা চলাইছে সকলোৱে। কিন্তু খুলিব পৰা নাই ভিতৰৰ পৰা বন্ধ হৈ থকা দুৱাৰখন।এগৰাকী মহিলাইও চেষ্টা চলাইছে। দুৱাৰখন নোৱাৰি হাতত কিবা এডাল লে খিড়িকি খোলাৰ চেষ্টা চলাইছে।

দুটি সন্তানৰ সৈতে এই গৰাকী সবিতা ডেকা।কিছুদিন পূৰ্বে স্বামীৰ মৃত্যু হৈছিল সবিতাৰ। বাইহাটাৰ পিতৃ গৃহত স্বামীৰ শ্ৰাদ্ধ আদি সম্পন্ন কৰি বৃহস্পতিবাৰে হিড়িম্বাপুৰৰ নিজৰ ঘৰটোলৈ আহিছিল সবিতা। কিন্তু সবিতা আহি পোৱাৰ পূৰ্বেই ঘৰটো দখল কৰি লয়গৈ সবিতাৰ শহুৰ ভূৱনেশ্বৰ ডেকাই।
সদ্য স্বামীহাৰা সবিতাক সন্তান দুটিৰ সৈতে ঘৰত সোমাবলৈ নিদিয়াৰ অভিযোগ শহুৰ ভূৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে। অন্য এগৰাকী যুৱতীৰ সৈতে ঘৰটোত সোমাই থকা শহুৰেকক বাৰে বাৰে অনুৰোধ কৰাৰ পিচতো তেওঁ দুৱাৰ খুলি নিদিয়ে।
আনকি সদ্য বিধৱা বোৱাৰীক শহুৰেকে দিয়ে অশ্লীল প্ৰস্তাৱ
লগত শুবলৈ প্ৰস্তাৱ দিয়ে শহুৰেকে
শহুৰেকৰ এই প্ৰস্তাৱত অমান্তি হোৱাৰ বাবেই ভিতৰত বোৱাৰীজনী আৰু সন্তান দুটিক সোমাব নিদিয়াৰ অভিযোগ বোৱাৰীজনীৰ। ইফালে বহু সময় ধৰি সন্তানসহ বোৱাৰীজনী ঘৰৰ বাহিৰত থকা বিষয়টো জানিব পাৰি এজন দুজনকৈ কাষ চাপে স্থানীয় লোক। স্থানীয় লোকসকলেও আহি দুৱাৰপ খুলিবলৈ বহু চেষ্টা কৰে যদিয় বিফল হয়। বহু সময় ধৰি যোগাযোগ কৰাৰ পিচত স্থানীয় আৰক্ষী আহি উপস্থিত হৈ শহুৰ ভূৱনেশ্বৰক থানালৈ লৈ যায়। কাহিলিপাৰাৰ হিড়িম্বাপুৰত সংঘটিত লজ্জাজনক- চাঞ্চল্যকৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোতেই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
