মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিছিল দুগৰাকী মহিলা…জালত পেলাবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰীক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৈছিল এক ভয়ংকৰ ষড়যন্ত। হানী ট্ৰেপিঙৰ জড়িয়তে জালত পেলাবলৈ চেষ্টা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক।সেয়া আছিল যোৱা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিছিল দুগৰাকী মহিলা। এবাৰ দিল্লীত আৰু এবাৰ গুৱাহাটীত মুখ্যমন্ত্ৰীক সাক্ষাত কৰিছিল মহিলা দুগৰাকীয়ে। কিন্তু মহিলা দুগৰাকীৰ চাল চলন সন্দেহজনক হোৱাত এৰাই চলিছিল মুখ্যমন্ত্ৰীয়ে। বিষয়টো তেনেকৈয়ে সহজভাৱে এৰি দিছিল যদিও শনিবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰ এটা বিশেষ টুইটৰ পিচতেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
টুইটটোত মাৰাণ্ডীয়ে লিখিছে…
झारखंड में विधानसभा चुनाव के वक्त झारखंड के किस सीनियर पुलिस अधिकारी ने असम के मुख्यमंत्री श्री @Himantabiswa
जी को षडयंत्र कर फँसाने का प्रयास करने लिये किसको दो-दो बार पैसे देकर दिल्ली और गुवाहाटी (असम ) भेजा था? इसका खुलासा भी प्रमाण के साथ बहुत जल्द होगा।
मुख्यमंत्री @HemantSorenJMM
जी, क्या ये सब नीच काम आपकी जानकारी में हो रहा था या आपकी बिना जानकारी में? आपको इसका खुलासा करना चाहिये।
हेमंत जी, क्या आपको नहीं लगता कि जो अफ़सर पद और पैसे के लालच में देश के किसी प्रतिष्ठित ऊँचे पद पर बैठे व्यक्ति के बारे मे ऐसी घटिया हरकत और षड्यंत्र करने का दुस्साहस कर सकता है वो बुरा वक्त आने पर अपने फायदे के लिये आपके साथ भी ऐसा घटिया और गंदा काम नहीं कर सकता ?

অৰ্থাত-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত ঝাৰখণ্ডৰ কোন শীৰ্ষ আৰক্ষী বিষয়াই টকা দি দুগৰাকী মহিলাক দুবাৰকৈ দিল্লী আৰু গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ পঠাইছিল, এই কথা অতি শীঘ্ৰে প্ৰমাণসহ ৰাজহুৱা কৰা হব।
মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ জী, এই নীচ কাম আপোনাৰ জ্ঞাতসাৰেই হৈছিল নে অজ্ঞাতে হৈছিল। আপুনি ৰাজহুৱা কৰা উচিত।
হেমন্ত জী, যিজন বিষয়াই পদ আৰু ধনৰ লোভত দেশৰ উচ্চ পদবীত থকা এজন ব্যক্তিৰ বিৰুদ্ধে এনে ঘৃণনীয় কাণ্ড আৰু ষড়যন্ত্ৰ কৰিবলৈ সাহস কৰিব পাৰে, তেওঁ বেয়া সময় আহিলে নিজৰ সুবিধাৰ বাবে আপোনাৰ লগতো এনেকুৱা ঘৃণনীয় আৰু লেতেৰা কাম কৰিব নোৱাৰিব বুলি আপুনি ভাবেনে?
কোন এই দুগৰাকী মহিলা
কোনে পঠাইছিল মুখ্যমন্ত্ৰীৰ কাষলৈ
বাবুলাল মাৰাণ্ডীৰ এই টুইটৰ পিচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে দেশৰ ৰাজনীতিত। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাইও গুৰুত্ব সহকাৰে লৈছে বিষয়টো। বাবুলাল মাৰাণ্ডীয়ে কোৱাৰ দৰেই পোহৰলৈ আহিবনে সমস্ত ঘটনা। কোনে কৰিছিল এই নীচ কাম। কোন আৰক্ষী বিষয়াই কাৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ পঠাইছিল মহিলা দুৰগাৰীক। অপেক্ষা সময়লৈ।