নেপালৰ নতুন আতংক-বান্দৰ!হাতত লাঠি-গুলতি লৈ বান্দৰ খেদিছে নেপালৰ গ্ৰামাঞ্চলৰ জনতাই…

0

বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি থকা নেপালৰ গ্ৰামাঞ্চলত এইবাৰ আন এক আতংক। নেপালৰ এই নতুন আতংক হৈছে বান্দৰৰ উপদ্ৰৱ। জাক জাক বান্দৰৰ সমূহীয়া আক্ৰমণ আৰম্ভ হৈছে নেপালৰ বহু অঞ্চলত। বান্দৰৰ এই উপদ্ৰৱ অধিক ভয়াৱহ হৈ পৰিছে দেশখনৰ ভোজপুৰ আৰু ধৰ্মঘৰ জিলাত। দেশখনৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি প্ৰায় দুশ-আঢ়ৈ শ বান্দৰৰ একো একোটা জাকে একে সময়তে খেতি পথাৰ আৰু আৱাসিক অঞ্চলত প্ৰৱেশ কৰি ধ্বংসলীলা আৰম্ভ কৰে। বিশেষকৈ মাকৈ আৰু ফল-মূলৰ বাগানবোৰত প্ৰৱেশ কৰি এফালৰ পৰা মোহাৰি পেলায় সকলো। বান্দৰৰ এই উপদ্ৰৱে নিদ্ৰা হৰিছে কৃষকৰ। আৱাসিক এলেকাত প্ৰৱেশ কৰা বান্দৰৰ জাকে বাৰীৰ ফল মূল ছিঙি ভাঙি টহিলং কৰাৰ লগতে ঘৰৰ ভিতৰতো প্ৰৱেশ কৰি অত্যাচাৰ চলাইছে। বান্দৰৰ এই জাকতো ইমানেই ডাঙৰ আৰু আক্ৰমণ ইমানেই ভয়ংকৰ যে জাকতো খেদিবলৈও ভয় কৰে গাঁওবাসীয়ে।

বান্দৰৰ পৰা খেতি ৰক্ষা কৰিবলৈ নেপালৰ বহু গ্ৰামাঞ্চলৰ কৃষকে এতিয়া পুৱাৰে পৰা পথাৰত পহৰা দিবলগীয়া হৈছে। কোনোবাই গুলতি, কোনোবাই লাঠী, আন কোনোবাই কুকুৰ আৰু স্থানীয়ভাৱে নিৰ্মাণ কৰা শব্দ সৃষ্টিকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি বান্দৰৰ জাক খেদিবলৈ চেষ্টা কৰিছে। কেৱল শস্যৰ ক্ষতি নহয়, মানুহো আক্ৰমণৰ সন্মুখীন হৈছে বান্দৰৰ। ধৰ্মঘৰ জিলাৰ সত্তৰ বছৰীয়া এজন কৃষক বান্দৰৰ আক্ৰমণৰ সন্মুখীন হৈ চিকিতসাধীন হৈ আছে। বিশেষজ্ঞ আৰু স্থানীয় বাসিন্দাসকলৰ মতে, নেপালৰ পাহাৰীয়া গাঁওসমূহৰ পৰা যুৱক-যুৱতীসকল চাকৰি আৰু উন্নত জীৱিকাৰ সন্ধানত চহৰ আৰু বিদেশলৈ যোৱাৰ ফলত বহু গাঁও ক্ৰমান্বয়ে জনশূন্য হৈ পৰিছে। ফলত বহু খেতিপথাৰ পৰিত্যক্ত হৈ পৰিছে। মানুহৰ সংখ্যা কমি যোৱাৰ লগে লগে খেতিপথাৰ পহৰা দিয়াৰ লোকো কমিছে। ইয়াৰ সুযোগ লৈ বান্দৰৰ জাকে অধিক সহজে কৃষিভূমিত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে। বান্দৰৰ এই উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে যদিও বিশেষ একো ফলাফল লাভ কৰা নাই। তাৎক্ষণিক ব্যৱস্থা হিচাপে কৃষকসকলক বিভিন্ন ধৰণৰ বান্দৰ খেদোৱা সঁজুলি দিয়া হৈছে যদিও স্থানীয় বন বিষয়াসকলৰ মতে, এয়া দীৰ্ঘম্যাদী সমাধান নহয়।

Leave A Reply

Your email address will not be published.