মই ভুল কৰিলোঁ নেকি? মোক বেয়া পাইছে নেকি ? ৰাইজলৈ প্ৰশ্ন বিধায়ক অখিল গগৈৰ…

0

মই ভুল কৰিলোঁ নেকি? মোক বেয়া পাইছে নেকি ? ৰাইজলৈ প্ৰশ্ন বিধায়ক অখিল গগৈৰ…
ফেচবুকত কেইখনমান ফটো আৰু দুটা প্ৰশ্ন। ৰাইজলৈ বুলি এই প্ৰশ্ন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। ফটোকেইখন অসম বিধানসভাৰ মজিয়াৰ। শনিবাৰে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশত বিধানসভাৰ সচিবে ৰাজহুৱা কৰিছে ফটোকেইখন।

Screenshot

ফটোকেইখনত দেখা গৈছে বিধায়ক অখিল গগৈ সদনত। তেওঁ তেওঁৰ সমুখত থকা ডেস্কৰ ওপৰত উঠি আছে। দেহৰ অংগী-ভংগীৰ পৰা বুজা যায় অখিল গগৈয়ে কিবা কৈ আছে। দৰাচলতে এয়া আছিল বৃহস্পতিবাৰৰ ঘটনা। সভাস্থগিত প্ৰস্তাৱেৰে বিধানসভাত উজনি অসমৰ বানৰ বিষয়ে আলোচনাৰ দাবী কৰিছিল অখিল গগৈয়ে। কিন্তু আলোচনাৰ অনুমতি দিয়া নাছিল অধ্যক্ষই। অধ্যক্ষৰ এই কথাত নাৰাজ হৈ বাৰে বাৰে আলোচনাৰ দাবী উঠাইছিল শিৱসাগৰৰ বিধায়কজনে। এই ক্ষেত্ৰত আনকি বিৰোধী কংগ্ৰেছ বিধায়কসকলৰো সহযোগিতা বিচাৰিছিল অখিলে। কিন্তু কংগ্ৰেছ বিধায়কসকলে অখিল গগৈৰ পক্ষ লোৱাৰ বিপৰীতে উলোটাই অখিলকহে আক্ৰমণ কৰিছিল। নিৰ্ধাৰিত দুই মিনিটতকৈ চল্লিশ ছেকেণ্ড বেছিকৈ কথা কোৱাৰ বাবেই অধ্যক্ষই আনকি বিশ্বাসঘাতক আখ্যা দিছিল অখিলক। কিন্তু নাচোৰবান্দা অখিল। অখিলৰ দাবী, এই সময়ত উজনিৰ প্ৰলংকৰী বানতকৈ আন একো বিষয়েই গুৰুত্বপূৰ্ণ হ’ব নোৱাঁৰে। সেয়ে বিধানসভাত বিষয়টো আলোচনা হ’ব লাগে। পিচে অখিল গগৈয়ে যিমানেই দাবী নকৰক, অধ্যক্ষই মানি নল’লে অখিল গগৈৰ দাবী। বিধানসভাত আলোচনা নকৰিলে বিষয়টো। অধ্যক্ষৰ অনুমতি নোপোৱাৰ বাবেই শেষত যথেষ্ট ক্ষোভিত হৈ ডেস্কৰ ওপৰত উঠি প্ৰতিবাদ কৰিছিল অখিল গগৈয়ে।

এই দৃশ্যকেই শনিবাৰে অধ্যক্ষৰ নিৰ্দেশত ৰাজহুৱা কৰিলে বিধান সভাৰ সচিবে। অধ্যক্ষৰ মতে,অসমৰ মানুহে জানিব লাগে বিধানসভাত অখিল গগৈয়ে কি আচৰণ কৰিছে।

এতিয়া সেই ফটোসমূহকেই ফেচবুকত আপলোড কৰি অখিল গগৈয়ে ৰাইজক সুধিছে…বিধান সভাৰ টেবুলত উঠি মই সঁচাই ভুল কৰিলোঁ নেকি? বানপীড়িত তথা মহাদুৰ্যোগৰ বলি হোৱা জনতাৰ পক্ষত মুক, বাকহীন সদনত এনেদৰে প্ৰতিবাদ কৰা বাবে আপোনালোক কোনে কোনে মোক বেয়া পাইছে?

Leave A Reply

Your email address will not be published.