ভাগিনক নিজৰ ঘড়ী খুলি দিলে মামাই, মুখ্যমন্ত্ৰীৰ এই ঘড়ীটোৰ দাম কিমান জানেনে?

0

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে জন-আৰ্শীবাদ যাত্ৰা।
এই যাত্ৰাৰ দ্বাৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ জনতাৰ পৰা আশীৰ্বাদ লৈছে বিজেপি নেতাসকলে। এই যাত্ৰাৰ নেতৃত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই উজনি-নামনিকে ধৰি ৰাজ্যৰ প্ৰতি সমষ্টি সাঙুৰি লৈছে। বিজেপিৰ এই আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীক এবাৰ ওচৰৰ পৰা চাবৰ বাবে হাজাৰ হাজাৰ লোকে শাৰী পাতিছে ৰাজপথত।

কোনোৱে গামোচা পিন্ধাইছে, কোনোৱে ফুল ছটিয়াইছে। মুঠতে সকলোৰে এবাৰ হেঁপাহ মুখ্যমন্ত্ৰীজনক এবাৰ চাবলৈ এবাৰ ওচৰৰ পৰা চুবলৈ। মুখ্যমন্ত্ৰীৰ এই আশীৰ্বাদ যাত্ৰা আজি গহপুৰত আৰম্ভ হৈছে। গহপুৰত ৰাইজৰ আৰ্শীবাদ লৈ থকাৰ সময়তে এক অভূতপূৰ্ব ঘটনাই দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। গাড়ীত উঠি ৰাইজক সম্ভাষণ জনাই গৈ থকাৰ সময়তে বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰমৰ্দন কৰিবলৈ আগবাঢ়ি আহে।
মুখ্যমন্ত্ৰীৰ সৈতে কৰমৰ্দন কৰাৰ সময়তে এজন ভাগিনে মুখ্যমন্ত্ৰীক কয় যে ‘মামা আপোনাৰ ঘড়ীটো ভাল লাগিছে…।’ মামাৰ কাৰণে ভাগিন অতি মৰমৰ। ভাগিনৰ কথা কেনেকৈনো পেলায় মামাই। লগে লগে হাতৰ পৰা ঘড়ীটো খুলি ভাগিনক দি দিলে মামাই। মামাৰ পৰা ঘড়ী উপহাৰ পাই আনন্দত জপিয়াই উঠিল ভাগিন।

এতিয়া মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধা ঘড়ীটোক লৈ সৰ্বত্ৰে চৰ্চা। ঘড়ীটোৰ মূল্য কিমান। উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাই পিন্ধা ঘড়ীটোৰ মূল্য ১,৭৭,৩০০ টকাৰ পৰা ১,৯৭,৩০০ টকা আৰু Rado Coupole Classic Automatic Power Reserve ব্ৰেণ্ডৰ হৈছে এই ঘড়ীটো।

Leave A Reply

Your email address will not be published.