হু ইজ হিমন্ত বিশ্ব শৰ্মা?

0

ৰাজু মহন্তৰ বিশেষ লেখা…

অসমত এতিয়া বিধানসভা নিৰ্বাচনৰ বতৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰতে কেৱল ৰাজনৈতিক আলোচনা৷ এনে নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ধামখুমীয়াৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে– হু ইজ হিমন্ত বিশ্ব শৰ্মা৷ উল্লেখ্য যে দুটা দশকৰ পূৰ্বে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও প্ৰশ্ন কৰিছিল– হু ইজ বদৰুদ্দিন আজমল৷ সম্পৰ্কত পিতা-পুত্ৰ দুয়োগৰাকী কংগ্ৰেছী ৰাজনৈতিক নেতাৰ প্ৰশ্নত একেই দাম্ভিকতা থাকিলেও কিন্তু তেওঁলোকৰ ভাষাত পৰস্পৰ বৈপৰীত্য পৰিলক্ষিত হয়৷ ৰাজনৈতিক ক্ষেত্ৰখনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল কেৱল দুটা ব্যক্তিসত্বা নহয়, তেওঁলোক দুটা মতাদৰ্শৰ প্ৰতিনিধি৷ এই দুয়োটা মতাদৰ্শই দুটা ভিন্ন সংস্কৃতিক প্ৰতিনিধিত্ব কৰে৷ এইটো সৰ্বজনবিদিত যে কংগ্ৰেছ দলটোৱে দেশৰ ধৰ্মীয় সংখ্যালঘূ জনসংখ্যাক উদ্দেশ্য কৰি ৰাজনৈতিক চিন্তা-চৰ্চা কৰে আৰু এই জনসংখ্যাকে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈ আছে৷ বিশেষকৈ সো-পন্থী ৰাজনৈতিক শক্তি হিচাপে বিজেপিৰ উত্থানৰ পাচৰে পৰা কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে ধৰ্মীয় সংখ্যালঘূকেন্দ্ৰিক হৈ পৰে৷ দলটোৱে বিজেপিৰ হিন্দুত্ববাদী আদৰ্শৰ গইনা লৈ দেশৰ ধৰ্মীয় সংখ্যালঘূক ঘাইকৈ মুচলমানসকলক ভীতিগ্ৰস্ত কৰি ৰখাৰ চেষ্টা কৰা দেখা গ’ল৷ ইয়াৰ ফলত ধৰ্মীয় সংখ্যালঘূসকলৰ এক গৰিষ্ঠ অংশ কংগ্ৰেছৰ ভোটবেংকত পৰিণত হ’ল আৰু আপাততঃ দেশৰ ৰাজনীতিত ধৰ্মীয় মেৰুকৰণৰ সূচনা হ’ল৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ভাৰতীয় সংস্কৃতি আৰু হিন্দুত্ববাদৰ আদৰ্শৰে দেশৰ জনসাধাৰণক আকৰ্ষিত কৰি এক বৃহৎ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ’ল৷ আজি বিজেপিৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শই দেশবাসীক আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছ দলটো সংকীৰ্ণতাবাদী ঠেক গণ্ডীত আবদ্ধ হৈ পৰিছে৷

ৰাজ্যভেদে কেতিয়াবা ৰাষ্ট্ৰীয় দলেও আঞ্চলিক আদৰ্শ অনুসৰণ কৰা পৰিলক্ষিত হয়৷ অসমতো তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে ভালেকেইটা বিষয়ত কংগ্ৰেছৰ সৰ্বভাৰতীয় চৰিত্ৰক আওকাণ কৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক চৰিত্ৰানুসাৰে স্থিতি গ্ৰহণ কৰিছিল৷ অন্যান্য প্ৰান্তৰ দৰে অসমতো ধৰ্মীয় সংখ্যালঘূসকল কংগ্ৰেছৰ পৰম্পৰাগত ভোটবেংক হিচাপে পৰিচিত হোৱা সত্বেও অসমীয়াত্বক সন্মান প্ৰদৰ্শন কৰি তদানীন্তন মুখ্যমন্ত্ৰীয়ে ‘হু ইজ বদৰুদ্দিন আজমল’ বুলি প্ৰশ্ন কৰি মূলসুঁতিৰ অসমীয়াৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ সংখ্যাগৰিষ্ঠ অসমীয়াৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবেই তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে অসমত চৰকাৰ গঠন কৰিব পাৰিছিল৷ কিন্তু শেষৰ ফালে কংগ্ৰেছ দলটোৰ সংখ্যালঘূ তোষণৰ চৰিত্ৰ পুনৰবাৰ প্ৰতীয়মান হোৱাৰ ফলত অসমত কংগ্ৰেছ দলে ক্ষমতা হেৰুৱাবলগীয়া হয়৷ এইটো সকলোৰে জ্ঞাত যে কুখ্যাত আই এম ডি টি আইন উচ্ছতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰাৰ পাছত কংগ্ৰেছ দলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰি মুচলমানসকলৰ স্বাৰ্থ সুৰক্ষাৰ লক্ষ্যৰে বদৰুদ্দিন আজমলে ‘এ আই ইউ ডি এফ’ দল গঠন কৰিছিল৷ এই দলটো দেখদেখকৈ অভিবাসী মুচলমানৰ দল৷ পূৰ্ববংগীয়মূলৰ মুচলমানৰ ৰাজনৈতিক আকাংক্ষাক পূৰ্ণতা প্ৰদান কৰাৰ লগতে অনুপ্ৰবেশকাৰী বাংলাদেশীৰ স্বাৰ্থৰ হকে মাত মতাই হৈছে এই দলটোৰ মূল আদৰ্শ৷ অৰ্থাৎ বদৰুদ্দিন আজমল হৈছে পূৰ্ববংগীয় মুচলমানৰ ৰাজনৈতিক আকাংক্ষাৰ প্ৰতিভূ আৰু বাংলাদেশী অনুপ্ৰবেশকাৰীৰ সংৰক্ষক৷ বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে কংগ্ৰেছৰ ভোটবেংকৰ ক্ষতি হ’ব বুলি জানিও তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন’ বুলি অসমীয়াৰ গৰ্ব আৰু অহংকাৰৰ প্ৰমাণ দিছিল৷ কিন্তু সময়ান্তৰত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা তৰুণ গগৈৰ ৰাজনৈতিক উত্তৰাধিকাৰী গৌৰৱ গগৈয়ে ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি প্ৰশ্ন উত্থাপন কৰি তৰুণ গগৈৰ বিপৰীত ৰাজনৈতিক মতাদৰ্শৰ প্ৰমাণহে দাঙি ধৰিলে৷ অৱশ্যে সাম্প্ৰতিক সময়ত পূৰ্ববংগীয়মূলৰ মুচলমানৰ আশীৰ্বাদত ৰাজনীতিত বৰ্তি থাকিবলৈ সক্ষম হোৱা কংগ্ৰেছ দলটোৰ বাবে এয়া একেবাৰে প্ৰত্যাশিত৷ কাৰণ, মূলসুঁতিৰ অসমীয়াৰ আস্থা হেৰুৱাই পেলোৱা কংগ্ৰেছৰ বাবে এতিয়া অভিবাসী মুচলমানেই শেষ ভৰসা৷ সেইদৰে কংগ্ৰেছৰ সৰ্বভাৰতীয় চৰিত্ৰক আওকাণ কৰি অসম প্ৰদেশ কংগ্ৰেছো বৰ্তি থাকিব নোৱাৰে৷ গৌৰৱ গগৈৰো একমাত্ৰ লক্ষ্য হৈছে– হাইকমাণ্ডক তোষামোদ কৰি নিজৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰাখিব লাগে৷ কাৰণ, কংগ্ৰেছী ৰাজনীতিত প্ৰভাৱশালী আঞ্চলিক নেতাৰ উত্তৰণ একেবাৰে নীতিবিৰুদ্ধ৷ দিল্লীত বহি থকা গান্ধী পৰিয়ালৰ নিৰ্দেশ অমান্য কৰি নিজাববীয়া সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ কোনো কংগ্ৰেছী নেতাৰ নাই৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছৰ পৰা উচ্ছ শিক্ষিত আৰু তীক্ষ্ণ বুদ্ধিমান হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰে ভাৰতৰ ৰাজনীতিত সবলভাৱে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ আৰু হিন্দুত্ববাদী আদৰ্শৰ লগতে অসমৰ সাংস্কৃতিক পৰিচয় আৰু বাংলাদেশী আগ্ৰাসন ৰোধৰ বলিষ্ঠ পদক্ষেপেৰে হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় দলৰ নেতা হৈয়ো আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দক্ষতাৰ পৰিচয় দিছে৷ অসমৰ দৰে এখন মুচলমান আধিক্য থকা ৰাজ্যত ক্ষমতাসীন হোৱাৰ পাচতো পূৰ্ববংগীয় মুচলমানৰ ভোট নালাগে বুলি ক’ব পৰা নেতাজন হৈছে হিমন্ত বিশ্ব শৰ্মা৷ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্তৰণৰ প্ৰধান কাৰণ হৈছে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্পষ্টতা আৰু আত্মবিশ্বাস৷ দ্বিতীয় কাৰণটো হ’ল– বাক চাতুৰ্যতাৰে মানুহক আকৰ্ষণ কৰিব পৰা গুণ৷ মানুহ পতিয়ন যাব পৰাকৈ কথা ক’ব পৰা দক্ষতা অসমৰ ৰাজনৈতিক ইতিহাসত মুষ্টিমেয় কেইজনমান নেতাৰহে আছে৷ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল– অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰোৱাৰ তীব্ৰ বাসনা আৰু অসম তথা অসমীয়াৰ প্ৰতি গভীৰ অনুৰাগ, ভালপোৱা৷ মূলতঃ এই দুটা কাৰণৰ বাবেই হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ অপ্ৰতিদ্বন্দী ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জিলিকি উঠিব পাৰিছে৷ নিজৰ দক্ষতা আৰু বিচক্ষণতাৰ সুবাদত নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী হিচাপে যোগী আদিত্য নাথ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম সমানে উচ্ছাৰিত হৈছে৷ অসমৰ মূস সুঁতিৰ মানুহখিনিৰ অকু_ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি আঙুলি টোৱাই আওপকীয়াকৈ অসমীয়া স্বাভিমানকহে অপমান কৰিছে৷ আজিৰ সময়ত অসমীয়াৰ স্বাভিমানক অপমান কৰি কোনো ৰাজনৈতিক নেতাই অসমত ক্ষমতা লাভ কৰিব নোৱাৰে৷ ক্ষমতা লাভ কৰাটো দূৰৰে কথা স্বাভিমানী অসমীয়াৰ সমৰ্থনো লাভ কৰিব নোৱাৰে৷ গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰত আমি এটা কথাই ক’ব পাৰিম– হিমন্ত বিশ্ব শৰ্মা হৈছে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ আশাৰ প্ৰদীপ আৰু অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক৷

Leave A Reply

Your email address will not be published.