শিৱসাগৰত ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ হুংকাৰ! চিন্তন বৈঠকত গ্ৰহণ ১১ দফীয়া প্ৰস্তাৱ
ৰাজ্যৰ উজনিত বিশেষকৈ শিৱসাগৰ জিলাত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মিঞা খেদা অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জিলাখনত ২০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক চিন্তন বৈঠক। দীৰ্ঘ সময়ৰ আলোচনাৰ অন্তত সৰ্বসন্মত ক্ৰমে ১১ দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনসমূহৰ উমৈহতীয়া নেতৃত্বই।

প্ৰস্তাৱসমূহ ক্ৰমে.
১৫ আগষ্টৰ ভিতৰত সন্দেহযুক্ত লোকক উজনি অসম এৰিবলৈ সকীয়নি
থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাবে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতাৰণৰ ব্যৱস্থা কৰিবলৈ দাবী চৰকাৰক
অসম চুত্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিকক অসমৰ পৰা বহিস্কাৰ কৰিব লাগে যদিও সামাজিক ভাবে ভাৰতবৰ্ষৰ নাগৰিক ভিত্তি বর্ষ ১৯৫১ চনটো কার্যকৰী কৰাৰ দাবী
অসম চৰকাৰে সমগ্ৰ অসমতে সন্দেহযুক্ত নাগৰিকে বিস্তৰভাবে চৰকাৰী ভূমি, বনাঞ্চল ভূমি, ট্রাইবেল বেল্টৰ ভূমি ইত্যাদি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে অব্যাহত ৰখা অভিযানক পূর্ণ সমর্থন আগবঢ়োৱাৰ লগতে উজনি অসমতো বেদখল হৈ থকা চৰকাৰী ভূমি, বনাঞ্চল, দেবোত্তৰ ভূমি, প্রাচীন কীৰ্তিচিহ্নৰ ভূমি, জলাশয় সমূহৰ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনায় ২০ সংগঠনে
থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশী মুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্রে কর্তন কৰাৰ দাবী
অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয়ে গ্রহণ কৰা সমর্থন আৰু সহযোগিতাত চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰুদ্ধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমর্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক প্রাণে মৰাৰ ভাবুকি প্রদান কৰা লোকক শীঘ্রে বাষ্ট্রদ্রোহী আইনৰ অধীনত গ্রেপ্তাৰ কৰাৰ দাবী
ঐতিহাসিক শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌ নৈৰ বাওঁফালে কবৰস্থানৰ সমীপৰ পৰা শশ্মান ঘাটলৈকে, শিৱসাগৰ খাট পথাৰ, চিন্তামণি গড় ইত্যাদিত অবৈধ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থকা চৰকাৰী মাটি উচ্ছেদৰ দাবী সংগঠনকেইটাৰ
উজনি অসমৰ বিভিন্ন ঠাইত ভাৰাতীয়া হিচাপে থকা সন্দেহযুক্ত নাগৰিকৰ নথি পত্ৰ আৰক্ষী প্রশাসনে পৰীক্ষা কৰি অতি শীঘ্রে এনে সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতাৰণ কৰাৰ ব্যৱস্থা কৰাৰ দাবী
উজনি অসমত বিভিন্ন কামত নিয়োজিত হৈ থকা যেনে, বেচৰকাৰী ঠিকাদাৰী প্রতিষ্ঠান, ইটাভাটা, ডেম্প আদিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী ভাবে নটিচ প্রদান কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে
অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাটি-বাৰী বিদেশী সন্দেহযুক্ত লোকক বিক্ৰী কৰাৰ পৰা বিৰত থাকিব লাগে।
অসম চৰকাৰ তথা থলুৱা-খিলঞ্জীয়া সংগঠন সমূহে বিদেশীমুক্ত অসম গঢ়াৰ এই অভিযানত অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে সমর্থন আৰু সহযোগিতা আগবঢ়াব লাগে।
২০ আগষ্টত শিৱসাগৰত এক বিশাল খিলঞ্জীয়া সভাৰ আহ্বান ২০ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ
২০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এই দাবী আৰু প্ৰস্তাৱক চৰকাৰে কি ভাবে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।