অসমৰ দৰ্শকক হাঁহিৰে মালামাল কৰি শেষ সপ্তাহত মালামাল বয়জ…

0

প্ৰাঞ্জল এ শৰ্মাৰ বিশেষ লেখা…

স্বপ্নবিলাসী এজাক তজবজীয়া তৰুণৰ আৰম্ভ চিনেমা ‘মালামাল বয়জ’। ইতিমধ্যেই ‘হোষ্টেল ৯’, ‘টেট মেডাম’, ‘জুনুকা’ আদি ইউটিউৱ চিৰিজ পৰিচালনা কৰি নিজৰ দক্ষতা প্ৰতিপন্ন কৰা ডেকা পৰিচালক মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত চিনেমা এইখন। চিত্ৰনাট্যও লিখিছে তেওঁ। সংলাপ জিন্তু কুমাৰ কাশ্যপ আৰু নিশিৰঞ্জন কে. মল্লিকাৰ। বৰ্তমান সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন চিনেমাহলত শত-সহস্ৰ দৰ্শকক পেটত ধৰি ধৰি হঁহুৱাই এক সামাজিক বাৰ্তাৰে আপ্লুত কৰা অসমীয়া চিনেমা ‘মালামাল বয়জ’। এজাক তৰুণৰ আকাশ চুৱাৰ হেঁপাহেৰে নিৰ্মিত চিনেমাখনতো আমি দেখিলোঁ চাৰিজন তৰুণ। তাৰে এজনৰ বয়স আন তিনিজনতকৈ অলপ বেছি। গুৱাহাটী মহানগৰীত এটা ভাৰাঘৰত তেওঁলোক থাকে। আটাইকেইজনতকৈ বয়সস্থ জীৱন এজন বীমা কোম্পানীৰ কৰ্মী, যিয়ে এটাও বীমা বিক্ৰী কৰিবলৈ সক্ষম নহৈ অৱশেষত চাকৰিটোকে হেৰুৱায়। লক্ষীৰ ঘৰৰ অৱস্থা ভালেই। মাক দেউতাক আৰু ভনীয়েক থাকে গাঁৱত। মাটি বাৰিও আছে। কিন্তু তেঁৱো গুৱাহাটীত চাহ দোকান দি সংগ্ৰাম কৰিছে। আনফালে ৰঘুৰ ঘৰত আছে দুখুনী মাক। অভিনয় কৰি জীৱন চলোৱাৰ হেঁপাহ থকা ৰঘুৱে নিজৰ ক’লা বৰণ, কম উচ্চতা আৰু নিজৰ অনায়কোচিত চেহেৰাৰ বাবে এটা ভাল কাম নাপায়। এইফালে অভিয়ে দিনটো ভাৰাঘৰতেই থাকে ঘৰৰ কাম বন কৰি আৰু সন্ধিয়ে জীৱনৰ স্কুটীখন লৈ ট্ৰেপিডো চলায়। এইদৰেই চাৰিওৰে জীৱন সংগ্ৰাম। অৱশেষত গুৱাহাটীৰ জীৱনৰ বিফলতাই তেওঁলোকক লৈ যায় গাঁৱৰ মাটিডৰালৈ য’ত তেওঁলোকে খেতি কৰাৰ চেষ্টা কৰে। তেতিয়াই আৰম্ভ হয় চিনেমাৰ আচল টুইষ্ট। কাহিনীৰ নায়িকা আৰোহী এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু অভিৰ সৈতে গঢ় লৈ উঠে প্ৰেম। তেওঁৰ দেউতাক অৰ্জুন মুখাৰ্জী এজন এনেকুৱা ধনী ব্যৱসায়ী,যিয়ে ব্যৱসায়ৰ কাৰণতেই শৰণাপন্ন হয় দুই দুৰ্দান্ত অপৰাধী অথচ নিজকে সমাজ সেৱক ব্যৱসায়ী বুলি কোৱা বিক্ৰম আৰু সুধীৰৰ। তেওঁলোকেই কাহিনীৰ খলনায়ক।আন দুই খলনায়ক ক্ৰমে চিলিম আৰু সুশমাৰাণী। চিনেমাৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ নৰেণকাই। যিহেতু চিনেমাখন এতিয়াও চলিয়েই আছে, গতিকে কাহিনীৰ সবিশেষ লিখাৰ পৰা বিৰত থাকিলোঁ।


চিনেমাখনৰ সফলতাৰ মেৰুদণ্ড হৈছে চিত্ৰনাট্য। এখন সুলিখিত চিত্ৰনাট্যৰে দৃশ্যগ্ৰহণ আৰম্ভ কৰা চিনেমা বাবেই কোনোখিনিতেই উজুটি খোৱা নাই পৰিচালক মৃণাল ডেকা। অতি সুন্দৰকৈ দৃশ্যগ্ৰহণ কৰিছে ডিওপি চন্দ্ৰ কুমাৰ দাসে আৰু উত্তম সম্পাদনা হাৰ্দিক কাশ্যপৰ। চিনেমাখন প্ৰতিটো ৰস সঞ্চাৰ কৰাত এশ শতাংশ সফল হৈছে সংলাপ লিখক জিন্তু কুমাৰ কাশ্যপ আৰু নিশি। সংলাপে সংলাপে হাঁহিৰ ফোৱাৰা সৃষ্টি কৰাৰ পৰা আৱেগিক মুহূৰ্তত চকুলো উলিয়াই দিয়ালৈকে যি সমুচিত সংলাপ ৰচনা কৰা হৈছে, তাত ভৰ দি দৃশ্য সংৰচণা কৰাত সম্পূৰ্ণ সফল হৈছে পৰিচালক মৃণাল ডেকা।এক মেদহীন সৃষ্টিৰূপে পৰিগণিত হৈছে মালামাল বয়জ। চিনেমাখনৰ সফলতাৰ এক শক্তিশালী কাৰণ হৈছে প্ৰতিগৰাকী অভিনেতাৰ উত্তম প্ৰদৰ্শন। জীৱনৰ চৰিত্ৰত উজ্জ্বল ৰাজখোৱা, লক্ষীৰ চৰিত্ৰত জিন্তু কুমাৰ কাশ্যপ, ৰঘুৰ চৰিত্ৰত নৱজ্যোতি নাথ, অভিৰ চৰিত্ৰত বলিন বৰাৰ অভিনয়ে চিনেমাখনক অন্য মাত্ৰা প্ৰদাণ কৰিছে। আৰোহীৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী জুনু নাথ ডেকাৰ অভিনয় হৈছে চিনেমাখনৰ অন্যতম অলংকাৰ। অৰ্জুনৰ চৰিত্ৰত জ্যেষ্ঠ অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জীয়ে তেওঁৰ চিৰ পৰিচিত ধৰণেই অভিনয় কৰিছে। চিনেমাখনৰ এক উল্লেখযোগ্য সংযোজন হৈছে পঞ্চায়ত ৱেব চিৰিজখনেৰে সমগ্ৰ ভাৰততেই খ্যাতি লাভ কৰা হিন্দীভাষী অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে কৰা বিক্ৰম ভাউ আৰু সুধীৰ ভাইৰ চৰিত্ৰ দুটা। তদুপৰি দুই অন্য খলনায়ক চিলিমৰ চৰিত্ৰত আৰু সুসমাৰাণীৰ চৰিত্ৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিক্কিমৰ দুই প্ৰাক্তন ছাত্ৰ খ্যাতিমান অভিনেতা অতনু মহন্ত আৰু দ্বীপজ্যোতি কলিতাৰ অভিনয়ে দৰ্শকক অন্য মজা প্ৰদান কৰিছে।চিনেমাখনৰ হাস্যৰসক দুগুন মাত্ৰা প্ৰদান কৰিছে অভিনেতা আনন্দ ভৰালীয়ে ৰূপায়ন কৰা নৰেনকাই চৰিত্ৰটোৱে। আনহাতে দুৰ্নীতি পৰায়ণ আৰক্ষী বিষয়া বিভীষণ বৰুৱাৰ চৰিত্ৰত নৱজিৎ কোঁৱৰৰ অভিনয় চকমলগা।কেৱল ইমানেই নহয় প্ৰনামী বৰা,ৰাজু ৰয়, ৰাজীৱ গোস্বামী, অমূল্য কুমাৰ, নৰ্মদা দাস, অতুল পাচনি, সাগৰিকা বৰ্মন,জিন্তু কলিতা, নিশিৰঞ্জন মল্লিকা, নয়নজ্যোতি কলিতা, হিল্লোল কুমাৰ পাঠক,প্ৰিয়াংশী কাশ্যপ, বিকাশ মুছাহাৰী,শিৱম শইকীয়া আদি প্ৰতিজন অভিনেতাই নিজৰ চৰিত্ৰসমূহ ইমান নিখুটভাৱে কৰিছে যে এটা মুহূৰ্তৰ বাবেও দৰ্শকে স্ক্ৰীনৰ পৰা চকু আঁতৰাবলৈ মন নকৰে। চিনেমাখনৰ সংগীত আৰু আৱহ সংগীতে প্ৰতিটো ক্ষণকে সজীৱ আৰু জীপাল কৰি তুলিছে। ট্ৰিয়ন মহন্তৰ সংগীত অতি উত্তম। শিৱম শইকীয়াৰ কলা নিৰ্দেশনা আৰু জিতু তপন বৰাৰ প্ৰযোজনা নিয়ন্ত্ৰণে চিনেমাখন নিটোলভাৱে দৰ্শকৰ কাষলৈ অহাত সহায় কৰিছে। দহৰ ভিতৰত ন দশমিক পাঁচ নম্বৰ দিব পৰা চিনেমা মালামাল বয়জ। প্ৰতিগৰাকী দৰ্শককে হাঁহিৰে মালামাল কৰিবলৈ সক্ষম হোৱা চিনেমাখন শেষৰটো সপ্তাহতো হাউচফুল হৈ থকাটো বৰ ভাল লগা খবৰ।

Leave A Reply

Your email address will not be published.