নেপালত আচলতে কি হৈছিল?

0

নেপাল
দক্ষিণ এছিয়াৰ, মূলত হিমালয়ত অৱস্থিত এখন স্থল আৱেষ্ট ৰাষ্ট্ৰ নেপাল। ৮১.১৯ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতিৰে নেপাল এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ। জনসংখ্যা আমাৰ অসমতকৈও কম। ২০২৪ ৰ জৰীপ মতে নেপালৰ জনসংখ্যা ২.৯৭ কোটি। আন বহু ৰাষ্ট্ৰত সাধাৰণ হিচাপে বিবেচিত হোৱা সন্ত্ৰীসবাদী কাৰ্যকলাপ-ৰাজনৈতিক অস্থিৰতা আদিৰ বিপৰীতে নেপাল এখন সুস্থিৰ ৰাষ্ট্ৰ হিচাপেই পৰিচিত। আনকি চলিত বৰ্ষৰ Global peace Index মতে ভূটানৰ পিচতেই দক্ষিণ এছিয়াৰ দ্বীতিয়খন শান্তিপূৰ্ণ ৰাষ্ট্ৰ নেপাল।

কিন্তু শান্তিপূৰ্ণ এই
নেপাল হঠাত হৈ পৰিল অশান্ত
সুস্থিৰ নেপাললৈ নামি আহিল প্ৰচণ্ড অস্থিৰতা
অভাৱনীয় ৰাজনৈতিক অৰাজকতা
তীব্ৰ হিংসাত্মক আন্দোলন-প্ৰতিবাদ
ৰাজপথত ৰক্তৰ বন্যা
কোনেও কল্পনা নকৰা এক পৰিস্থিতৰ সাক্ষী হৈ পৰিল নেপাল। শান্তিৰ বাহক লৰ্ড বুদ্ধৰ জন্মভুমিৰ বতাহত বিয়পি পৰিল মানুহৰ পোৰা মঙহৰ বিভতস গোন্ধ। ক’লা ধোৱাই ছানি ধৰিলে হিমালয়ৰ শুভ্ৰ আকাশক।
কিন্ত কিয়,হঠাত কি হল নেপালত
নেপালৰ এই অস্থিৰতাৰ কাৰণ কি
এটা খবৰ আহিছিল
চলিত বৰ্ষৰ ৪ ছেপ্তেম্বৰ
নেপাল চৰকাৰে দেশখনত বন্ধ কৰি দিছে ফেচবুক-ইউটিউব-টুইটাৰ-ইন্সট্ৰাগ্ৰামকে ধৰি মুঠ ২৬ টা Social media platfrom। লগতে খবৰ আহিল নেপাল চৰকাৰৰ এই সিধ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দেশখনৰ Gen Z।অ ৰব, এই Gen Z কি। Gen Z অৰ্থাত জেনেৰেশ্বন জেদ। মূলতঃ ১৯৯৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰজন্মটোকেই কোৱা হয় জেন জেদ বুলি। এই জেন জেদ,সেইটো প্ৰজন্ম যি সাক্ষী হৈছে, ডিজিটেল যুগৰ অভাৱনীয় উত্থান,উদ্বেদজনক জলবায়ু পৰিবৰ্তন,পৰিৱৰ্তনশীল আৰ্থিক পৰিৱেশ, আৰু ক’ভিড-১৯ৰ দৰে বিশ্ব ত্ৰাসিত মহামাৰীৰ। যি নহওক, Social media platfrom বন্ধ কৰাৰ বিৰুদ্ধে নেপালত জোৰদাৰ আন্দোলন প্ৰতিবাদ গঢ়ি তুলিলে Gen Zএ।

কিন্তু নহয়,
এয়া ভুল খবৰ
জেনেৰেশ্বন জেদৰ এই আন্দোলন প্ৰতিবাদৰ প্ৰকৃত কাৰণ চৰকাৰে সামাজিক মাধ্যম বন্ধ কৰাটো নহয়। চৰকাৰৰ এই নিষেধাজ্ঞাৰ বহু আগৰে পৰা চলি আছিল এই আন্দোলন প্ৰতিবাদ।জেনেৰেশ্বন জেদৰ এই প্ৰতিবাদ-আন্দোলন আছিল
চৰকাৰৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে
ৰাজনৈতিক নেতা আৰু বিষয়া সকলৰ বিলাসী জীৱনৰ বিৰুদ্ধে
দৰাচলতে Social media platfrom বন্ধ কৰাটোৱে এক স্ফুলিংগৰ দৰে কাম কৰিছিল। জেনেৰেশ্বন জেদৰ অশান্তি-হতাশা-ক্ষোভ বহু আগৰে পৰা উমি উমি জ্বলি আছিল।যুৱ প্ৰজন্মৰ এই ক্ষোভ অশান্তি আৰু হতাশা আছিল ৰাজনৈতিক নেতা-শাসক পক্ষৰ দুৰ্নীতি- স্বজন তোষণ-আত্মীয়তাবাদ আৰু অৰ্থনৈতিক বৈষম্যৰ বিৰুদ্ধে। যুৱ প্ৰজন্মৰ ক্ষোভ আছিল নেপাল চৰকাৰে প্ৰৱৰ্তন কৰা কেতবোৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে, যিবোৰ নিষেধাজ্ঞা কৰ আৰু পঞ্জীয়নৰ ক্ষেত্ৰত বলবত হব বুলি চৰকাৰে কৈছিল যদিও, প্ৰকৃততে নেপাল চৰকাৰৰ সেইবোৰ নিষেধাজ্ঞাৰ উদ্দেশ্য আছিল ডিজিটেল মেডিয়াৰ চেঞ্চৰশ্বিপ। চৰকাৰক সমালোচনা কৰা আৰু চৰকাৰৰ ভুল আঙুলিয়াই দিয়াসকলক শাস্তি প্ৰদানৰ লক্ষ্যৰেই চৰকাৰে আনিছিল এই নিষেধাজ্ঞা,যিটো কথা একেবাৰেই সহজভাবে লব পৰা নাছিল জেনেৰেশ্বন জেদে। ৰাজনীতিবিদসকলৰ সন্তানৰ আড়ম্বৰপূৰ্ণ বিলাসী জীৱনশৈলী, ব্য়য়বহুল ডিজাইনাৰ কাপোৰ, বিলাসী গাড়ী, দামী ঘৰ, আৰু সঘনাই বিদেশ ভ্ৰমণৰ বিপৰীতে সাধাৰণ নাগৰিকৰ কষ্টকৰ জীৱন,সাধাৰণ নাগৰিকৰ সন্তানৰ দুখলগা অৱস্থাই লাহে লাহে অতিষ্ঠ কৰি তুলিছিল নতুন প্ৰজন্মটোক।যুৱ প্ৰজন্মৰ এই ক্ষোভ আৰু খঙে ক্ৰমাত এক ভয়ংকৰ ৰূপ লৈছিল সামাজিক মাধ্যমত।

সামাজিক মাধ্যমত আৰম্ভ হৈছিল

Generation Z Vs Nepo Babies শীৰ্ষক এক আন্দোলন।
সামাজিক মাধ্যমৰ জড়িয়তেই শাসসৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তুলিছিল Generation Zএ। উত্থাপন হৈছিল এটাৰ পিচত আন এটা প্ৰশ্ন।
প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰতিমাহে ৬৫ হাজাৰ ₹তকৈ কম উপাৰ্জন কৰে, তথাপিও তেওঁ আৰু তেওঁৰ পৰিয়ালৰ এনে বিলাসী জীৱন কেনেকৈ?
প্ৰশ্ন উঠিছিল. যি সময়ত ঘৰত কৰ্মসংস্থাপন আৰু উচিত মজুৰিৰ অভাৱৰ বাবে প্ৰতিদিনে প্ৰায় ৫ হাজাৰ যুৱকে বিদেশত কামৰ বাবে দেশ এৰি যায় সেই সময়তে ৰাজনীতিবিদৰ সন্তানৰ এনে বিলাস বহুল জীৱন কেনেকৈ সম্ভৱ। এনেকৈয়ে শাসকৰ আচল চৰিত্ৰ উদঙাই বহু প্ৰশ্ন সামাজিক মাধ্যমত দাঙি ধৰিছিল এই প্ৰজন্মটোৱে। আৰু লাহে লাহে সৰ্বস্তৰৰ নাগৰিকে সমৰ্থন দিবলৈ আৰম্ভ কৰিছিল এই ভাৰ্ছুৱেল আন্দোলটোক। যি নেকি মুৰৰ কামোৰণি হৈ পৰিছিল নেপাল চৰকাৰৰ বাবে। এই আন্দোলনটোক মষিমূৰ কৰিবৰ বাবেই চৰকাৰে হঠাত বন্ধ কৰি দিলে ২৬ টা সামাজিক মাধ্যমৰ প্লেটফৰ্ম। চৰকাৰৰ এই কাৰ্যই যেন জ্বলা জুইত ঘিউ ঢালিলে। ছছিয়েল মেডিয়াত চলি থকা আন্দোলন ৰাজপথ পালেহি। আৰু তাৰ কি বিভতস পৰিণতি সেয়া আজি বিশ্ববাসীয়ে দেখিছে। যুৱ শক্তিৰ এই প্ৰতিবাদত তিষ্ঠিব নোৱাৰি দেশ এৰি পলাবলৈ বাধ্য হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী। নাঙঠ কৰি ৰাজপথত বিত্তমন্ত্ৰীক খেদিছে প্ৰতিবাদ কাৰীয়ে। জ্বলাই দিছে প্ৰধানমন্ত্ৰীৰ বাসভবনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন। ৰাজপথত সমুখ সমৰত আৰক্ষী প্ৰতিবাদকাৰী। কোবাই কোবাই হত্যা কৰিছে আৰক্ষী বিষয়াই। প্ৰতিবাদকাৰীকে ধৰি মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিছে অৰ্ধ শতকৰ ঘৰ। আহত সহস্ৰাধিক।

এতিয়াও অশান্ত শান্তি দেশ নেপাল। সমগ্ৰ প্ৰশাসন সেনাৰ নিয়ন্ত্ৰণত। তাৰ মাজতেই চলিছে নতুন চৰকাৰ গঠনৰ কুচকাৱাজ। আশা কৰিম, সোনকালেই সুস্থিৰতা ঘুৰি আহক ডুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈ। শ্ৰী লংকা-বাংলাদেশৰ পিচত নেপাল। এয়া যেন এক বাৰ্তা-দুৰ্নীতিগ্ৰস্ত-জনমতক উপেক্ষা কৰা যিকোনো শাসকৰ বাবে।

Leave A Reply

Your email address will not be published.