GSTৰ সংস্কাৰ ,এয়া এক ঐতিহাসিক পদক্ষেপঃ মন্ত্ৰী পীযুষ হাজৰিকা

বুধবাৰে নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তক এক ঐতিহাসিক পদক্ষেপ আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই।
বিত্তমন্ত্ৰী শ্ৰমতী সীতাৰমণৰ উদ্ধৃতিৰে মন্ত্ৰী হাজৰিকাই কয় যে, সংশোধিত সামগ্ৰী সেৱা কৰ ব্যৱস্থাই কৰ প্ৰক্ৰিয়াক অধিক সহজ, স্বচ্ছ আৰু জনমুখী কৰি তুলিব। নতুন পদক্ষেপৰ জৰিয়তে সাধাৰণ কৰদাতাসকলৰ ওপৰত আৰ্থিক বোজা হ্ৰাস হ’ব। লগতে শিল্প-বাণিজ্য খণ্ডৰো লাভ হ’ব। সংশোধিত GST ব্যৱস্থাই দেশৰ অৰ্থনীতিৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম হ’ব আৰু নৱীন প্ৰজন্মৰ বাবে এক স্থিতিশীল পৰিৱেশ প্ৰদান কৰিব।
GST সংস্কাৰৰ সিদ্ধান্ত এক ঐতিহাসিক পদক্ষেপঃমন্ত্ৰী পীযুষ হাজৰীকা
‘প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৮ বছৰতেই সুস্থিৰ অৱস্থাত উপনীত হৈছে GST ব্যৱস্থা’
‘মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে NextGenGST আশীৰ্বাদ স্বৰূপ’
সংশোধিত সামগ্ৰী সেৱা কৰে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তসকলক বিশেষ সকাহ দিবঃ মন্ত্ৰী পীযুষ হাজৰীকা
মন্ত্ৰী পীযুষ হাজৰীকাই এই সিদ্ধান্তক দেশৰ অৰ্থনীতিৰ বাবে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমত এই সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ কয় যে জিএছটি সংস্কাৰৰ জৰিয়তে যি ঐতিহাসিক আৰু ইতিবাচক পৰিৱৰ্তন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্ভৱ হ’ল, সেই বিষয়ে বিস্তৃত আলোচনাৰ প্ৰয়োজন। বিশ্বৰ বহু দেশে জিএছটি ব্যৱস্থাক সম্পূৰ্ণ সুস্থিৰ কৰিবলৈ প্ৰায় ২০ বছৰৰ সময় লৈছে, কিন্তু ভাৰতে কেৱল আঠ বছৰতেই এক সুস্থিৰ অৱস্থাত উপনীত হৈছে। তেওঁ কয় যে বিশ্বৰ ভিতৰতে ই এক অনন্য সাফল্য, যি কেৱল মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বহে সম্ভৱপৰ হৈছে। ইয়াৰ বাবে বহুতো শক্তিশালী সংস্কাৰ সাধন কৰিবলগীয়া হৈছে। মন্ত্ৰী হাজৰীকাই লগতে উল্লেখ কৰে যে, সংশোধিত সামগ্ৰী সেৱা কৰ ব্যৱস্থাই বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তসকলক বৃহৎ সকাহ প্ৰদান কৰিব। উৎসৱৰ সময়ত সাধাৰণতে জনসাধাৰণে যি অধিক ব্যয় কৰিবলগীয়া হয়, নতুন জিএছটি ব্যৱস্থাৰ ফলত সেই ব্যয় উল্লেখযোগ্যভাৱে হ্ৰাস পাব। অৰ্থাৎ অধিক সঞ্চয়ৰ সুবিধা পাব জনসাধাৰণে আৰু অৰ্থনৈতিকভাৱে বোজা হ্ৰাস হ’ব।

ব্যৱসায় খণ্ডৰ ক্ষেত্ৰতো NextGenGST এক আশীৰ্বাদ স্বৰূপ। ক্ষুদ্ৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে নতুন ব্যৱস্থাত যথেষ্ট পৰিমাণে কৰ ৰেহাই প্ৰদান কৰা হৈছে। ইয়াৰ ফলত ব্যৱসায়ৰ বৃদ্ধি সহজ হ’ব আৰু উপভোক্তাসকলো লাভৱান হ’ব। লগতে ব্যৱসায়ৰ সম্প্রসাৰণৰ জৰিয়তে নতুন কৰ্মসংস্থাপনো সৃষ্টি হ’ব, যি এক সুস্থ অৰ্থনীতিৰ লক্ষণ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নিয়োগ সৃষ্টি কৰাটো এক সুস্থ অৰ্থনীতিৰ লক্ষণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি #NextGenGST নতুন আৰু ভৱিষ্যৎ প্ৰজন্মৰ কথা ভাবিয়েই ঘোষণা কৰা হৈছে বুলি কয়।
তেওঁ উল্লেখ কৰে যে #NextGenGST ভৱিষ্যৎ প্ৰজন্মৰ কথা চিন্তা কৰি ঘোষণা কৰা হৈছে। এই সকলোবোৰ পদক্ষেপৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব আৰু দেশৰ অৰ্থনৈতিক গঠনত এক নতুন গতি প্ৰদান কৰিব।
GSTৰ এই আমূল সংস্কাৰৰ বাবে মন্ত্ৰী হাজৰীকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি জনতাৰ হিতক অগ্ৰাধিকাৰ প্ৰদান কৰি ফলপ্ৰসূ GST সংস্কাৰ কৰাৰ বাবে মোদী নেতৃত্বৰ প্ৰশংসা কৰে।