তুষ্টিকৰণৰ ৰাজনীতিত অভ্যস্ত কংগ্ৰেছ…মন্দিৰত চাকি জ্বলোৱাত বাধা কংগ্ৰেছৰ-আদালতত দিয়া পত্ৰত স্বাক্ষৰ কৰিলে গৌৰৱ গগৈয়েও…
কংগ্ৰেছ আৰু মুছলমানৰ তু্ষ্টিকৰণ-দুয়োটাৰে যেন আজন্ম সম্পৰ্ক। ইন্দিৰা গান্ধীৰ দ্বাৰা ঘোষিত দেশৰ জৰুৰীকালীন অৱস্থাৰ পৰা আৰম্ভ কৰি শ্বাহ বানুৰ গোচৰৰ সময়ত ৰাজীৱ গান্ধীয়ে লোৱা পদক্ষেপ, ৰাম মন্দিৰৰ ৰায়দানৰ সময়ত কংগ্ৰেছৰ ভূমিকা আৰু অতি শেহতীয়াকৈ তামিলমাডুৰ এটা মন্দিৰত চাকি জ্বলোৱাক লৈ হোৱা পৰিস্থিতিত বিৰোধী কংগ্ৰেছে গ্ৰহণ কৰা স্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতি। কংগ্ৰেছে মুখেৰে কৈ থকা ধৰ্মনিৰপেক্ষতাও যে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক সুৰক্ষা দিবৰ বাবেহে সেয়াও হৈ পৰিল জলজল পটপট।
তুষ্টিকৰণৰ ৰাজনীতিৰ বাবেই ন্যায় ব্যৱস্থাকো ভেঙুচালি কৰি আহিছে কংগ্ৰেছে।ন্যায়পালিকা আৰু কংগ্ৰেছৰ সম্পৰ্ক অহিনকুল । যেতিয়াই নিজৰ স্বাৰ্থৰ পৰিপন্থী হয়, তেতিয়াও ন্যায়পালিকাৰো বিৰুদ্ধাচৰণ কৰে কংগ্ৰেছে। এলাহাবাদ হাই কৰ্টে দিয়া ৰায়দানৰ পাছতে সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰিছিল জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়।দেশৰ ন্যায়াধীশসকলক প্ৰলোভন, ভাবুকি আদিৰে নিয়ন্ত্ৰনৰ চেষ্টা কৰিছিল কংগ্ৰেছে। পৰবৰ্তী বিখ্যাত শ্বাহ বানু গোচৰৰ ৰায়দানৰ পাছতো তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে এনে এক আইন আনিছিল যাতে ন্যায়ালয়ৰ ৰায় মুল্যহীন হৈ পৰে। অৱশ্যে কংগ্ৰেছৰ এই অপচেষ্টা বিফল কৰি বিজেপি চৰকাৰৰ দিনত তিন তালাক শেষ কৰাৰ আইন আনি শ্বাহ বানুৰ গোচৰৰ ৰায়দানক ন্যাযতা প্ৰদান কৰা হয়।
সেই চৰিত্ৰ সলনি হোৱা নাই কংগ্ৰেছৰ।আজিৰ কংগ্ৰেছেও বিভিন্ন সময়ত গোচৰৰ ৰায়দান তেওঁলোকৰ পক্ষত নোহোৱাৰ লগে লগেই ন্যায় ব্যৱস্থাৰ প্ৰতি মানুহৰ মাজত বিষ বাস্প বিয়পাবলৈ চেষ্টা কৰা দেখা ।
শেহতীয়াকৈ পোহৰলৈ অহা কংগ্ৰেছৰ এনে অশোভ পৰম্পৰাৰ এইবাৰ অংশীদাৰ হৈছে অসম কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈও।
কাহিনীটো পুৰণি। তামিলনাডুৰ এটা পাহাৰ,যাৰ নাম তিৰুপৰংকৰুনম। সম্পূৰ্ণ হিন্দু বিশ্বাসৰ প্ৰতি সমৰ্পিত এই পাহাৰটোত থকা এটা মন্দিৰত ১৯৯৪ চনত সৃষ্টি হয় এটা সমস্যাৰ। মন্দিৰটোৰ কাষতে স্থাপন হোৱা এটা দৰগাহৰ ধৰ্মীয় বিশ্বাসত আঘাট পৰাৰ দোহাই দি বন্ধ কৰি দিয়া হয় মন্দিৰটোত চাকি জ্বলোৱা ধৰ্মীয় পৰম্পৰা। হঠাত হোৱা এই কাণ্ডৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব বিচাৰিলেই স্থানীয় প্ৰশাসনে অশান্তি সৃষ্টিৰ শংকা দেখুৱাই বাধা প্ৰদান কৰে। এনেকৈ আহি আহি ২০২২ চনত ন্যায়ালয়ে বন্ধ কৰে অঞ্চলটোত বলি দিয়া প্ৰথা। সিমানলৈ ঠিকেই আছিল, কাৰণ তেতিয়ালৈ যি হৈছিল সকলো এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহে বিচৰাৰ দৰেই হৈ আছিল।

২০২৫ চনত বিষয়টো পুনৰ যায় আদালতৰ মজিয়ালৈ।ৰাম ৰবিচন্দ্ৰন নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ৰ মজিয়াত দাবী কৰে যে পাহাৰটোৰ শিখৰত চাকি জ্বলাবলৈ বাধা দিয়া চৰকাৰৰ আদেশ খাৰিজ কৰিব লাগে।। এই বাৰ ন্যায়াধীশ জি আৰ স্বামীনাথনে পাহাৰটোৰ ঐতিহ্য পৰম্পৰা লক্ষ্য কৰি পাহাৰটোত চাকি জ্বলাবলৈ অনুমতি দিয়ে আৰু কয় যে কেইগছিমান চাকিয়ে দৰগাহৰ ধৰ্মীয় স্বাধীনতাত আঘাত নাহানে।
বছ,আৰম্ভ হৈ গ’ল কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি।কংগ্ৰেছৰ মতে তামিলনাডুৰ সেই পাহাৰখনত সনাতনী পৰম্পৰাৰ এগছি চাকি জ্বলাব নোৱাৰে আৰু এয়া ইছলামৰ বিপক্ষে প্ৰদান কৰা সিদ্ধান্ত। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুধিতা কৰি ন্যায়াধীশ জি আৰ স্বামীনাথৰ বিৰুদ্ধে মহা অভিযোগ আনে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লকে।এই মহা অভিযোগ পত্ৰত স্বাক্ষৰ কৰা ১০৭ গৰাকী ব্যক্তিৰ ভিতৰত আছে অসম কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈও।এয়াই কংগ্ৰেছৰ প্ৰকৃত ধৰ্মনিৰপেক্ষতা।ঐতিহ্য ৰক্ষা কৰি এগচি চাকি জ্বলাবলৈ অনুমতি দিলে কাৰ অধিকাৰ ভংগ হয় সেয়া বুজিবলৈ টান। কিন্তু এটা কথা সঁচা মিঞা ভক্ত গৌৰৱে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে তুষ্টিকৰণৰ ৰাজনীতিত তেওঁতকৈ ওপৰত আন কোনো নাই।