টিকট নিদিলে কংগ্ৰেছে , লুইত কুমাৰ বৰ্মনক ঘুৰাই লাগে ৫০ হাজাৰ টকা

0

গৌৰব গগৈক কঠোৰ সমালোচনাৰে ফেচবুক পোষ্ট বৰ্মনৰ

কিছুদিন পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল ব্যৱসায়ী-সমাজ সচেতন যুৱক লুইত কুমাৰ বৰ্মনে। কিন্তু কংগ্ৰেছে টিকট নিদিলে বৰ্মনক। টিকট নাপায় অসন্তুষ্ট বৰ্মন। ফেচবুকত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি দীঘলীয়া পোষ্ট লুইত বৰ্মনৰ। ঘুৰাই বিচাৰিছে টিকটৰ বাবে দিয়া ৫০ হাজাৰ টকা।

বৰ্মনৰ ক্ষোভ মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈৰ ওপৰত। গৌৰব গগৈয়ে ফোন নধৰাৰ অভিযোগ তুলি বৰ্মনে লিখিছে-গৌৰৱ গগৈৰ নিকা ভাবমুৰ্তি দেখিহে কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিলোঁ। সকলোকে টিকেট দিব যে পাৰিব সেইয়া কোনো সভাপতিয়ে নোৱাৰে আৰু এইটো সৰ্বজনবিদিত। কিন্তু সভাপতি এজনে কাৰোৱেই ফোন নধৰে, কাৰো মেচেজৰ উত্তৰ নিদিয়ে। তেনেকৈ দল চলাব পাৰিব নেকি?? সাধাৰন ৰাইজ বাদ দিয়ক দলৰ মানুহৰে ফোন নধৰে। দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেচেজৰ উত্তৰ নিদিব। দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছে নে?? তেওঁ কাৰোবাক কৈছে নে চবকে টিকেট দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ। চৰকাৰ হ’লে সংস্থাপিত কৰিম। নিজৰ মানুহ কেইজনক যদি লগ কৰিছে নাজানো কিন্তু সাধাৰন কৰ্মীক লগ কৰা নাই।

বিজেপিৰ জয়জয় ময়ময় অৱস্থাত থাকাৰ পিছতো পৰিত্ৰান বিচাৰি হে আদৰ্শগত কাৰনত টিকেট বিচাৰিছিল। টিকেট যদি নিদিয়েই তেন্তে প্ৰাৰ্থীবোৰৰ ইমান খৰছ কৰাব নালাগিছিল।

তাৰ পিচতেই লিখিছে-মই আগতেই কৈছো যে মই seasoned politician নহয়। মই পাবলৈও একো নাই হেৰুৱাবলৈও একো নাই। In fact Congress টিকেট বিচাৰা বাবে বহুতে মোক বেয়া হে পাইছে। তথাপিও সেইবোৰ মই কেৰেপ কৰা নাছিলোঁ। সমাজৰ ৰাইজৰ চিন্তা কৰিহে। কাৰন জানো যে চৰকাৰৰ scheme সমুহৰ বাবে আৰু ১০/১৫ বছৰ পাছত অসমৰ মানুহৰ পানীত হাহ নচৰা হ’ব। সেইবোৰ হে আমাৰ চিন্তা।

ৰকিবুল হুচেইন বা প্ৰদ্যুত বৰদলৈৰ পুত্ৰৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহনা আছে যে টিকেট দিছে??

Gaurav Gogoi ডাঙৰীয়া, আপুনি দলটো পুৰা ধ্বংশ কৰি দিয়ক মাত্ৰ নিজৰ ego ৰ বাবে। আমি কিন্তু আদৰ্শ ত্যাগ নকৰোঁ আৰু চিন্তা নকৰিব যে independent খেলিম। কাইলৈ আপুনি কব যে এইবোৰ কথা মুকলিকৈ নিলিখি দলৰ মজিয়াত ক’ব পাৰিলে হেতেন কিন্তু দলৰ মজিয়াত ক’বৰ বাবে কেতিয়াবা respond কৰিছিল নে?? মুখ্যমন্ত্ৰী মহোদয়ৰ সামাজিক issue ত মেচেজৰ ৰিপ্লাই দিয়াৰ সময় আছে, তেনে স্থলত আপুনি কোন হে??

যি হ’ল হ’ল, আপোনাৰ দল যেনেকৈ মন যায় চলাই থাকক, মোৰ ৫০০০০ টকাটো ঘুৰাই দিয়ক। সুত নালাগে।

Leave A Reply

Your email address will not be published.