প্ৰচণ্ড বিস্ফোৰণ, ইৰাণৰ আক্ৰমণৰ পাছতেই আবদ্ধ হৈ পৰিল ভাৰতীয় তাৰকা, ক্ৰমাৎ ভয়াৱহ হৈছে পৰিস্থিতি, আশংকা তৃতীয় বিশ্বযুদ্ধৰ!

0

ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আক্ৰমণে এতিয়া সমগ্ৰ বিশ্বকে জোঁকাৰি গৈছে। এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছত সমগ্ৰ মধ্যপ্ৰাচ্যৰ দেশসমূহত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰত্যুত্তৰত ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যত ১০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। মধ্যপ্ৰাচ্যত থকা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটিসমূহ লক্ষ্য হিচাপে লৈ বিভিন্ন স্থানত আক্ৰমণ চলাইছে। বাহৰেইনৰ পৰা ডুবাইলৈকে চলিছে ভয়াৱহ আক্ৰমণ।

এই ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ পাছতেই ডুবাই বিমানবন্দৰৰ পৰিৱেশ আতংকময় আৰু বিশৃংখল হৈ পৰে। ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণৰ সতৰ্কবাণীৰ মাজতে হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰে ডুবাইৰ বিমান বন্দৰত। বিস্ফোৰণৰ প্ৰচণ্ড শব্দ, ইণ্টাৰচেপ্টৰ ক্ষেপণাস্ত্ৰ বাবে বিমানসমূহ বাতিল কৰা হৈছে। উল্লেখ্য যে ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুও আবদ্ধ হৈ পৰে ডুবাইৰ এয়াৰপ’ৰ্টত। এক আতংকময় পৰিস্থিতিত পি ভি সিন্ধুৱে নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰে যে এই অভিজ্ঞতা অতি ভয়ংকৰ আৰু পৰিস্থিতি ইমানেই অৱনতি ঘটিছিল যে কোনো লোকে একো বুজি পোৱা নাছিল। সকলোৰে মুখত কেৱল ভয় আৰু শংকা। সেই সময়ত তেওঁৰ লগত প্ৰশিক্ষকো আছিল। অৱশ্যে বৰ্তমান তেওঁলোকে সুৰক্ষিত আছে বুলি প্ৰকাশ কৰে সিন্ধুৱে।

PTI-ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি অল ইংলেণ্ড অপেন খেলিবলৈ বাৰ্মিংহামলৈ গৈ থকা সময়তে সিন্ধুৰ এই যাত্ৰা হঠাতে সংকটত পৰে। আকাশীপথ বন্ধ হৈ যোৱাৰ লগে লগে ডুবাই বিমানবন্দৰত উৰণ চলাচল স্থগিত কৰা হয়। ডুবাইত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে সমগ্ৰ বিমানৰ যাতায়াত ব্যাহত হয়। আকাশমাৰ্গ বন্ধ হৈ পৰাৰ ফলত Air Indiaৰ কেইবাটাও এয়াৰলাইনছে বিমানৰ উৰণ বাতিল কৰে। ফলস্বৰূপে হাজাৰ হাজাৰ যাত্ৰী বিমানবন্দৰত আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.