ঘণ্টাত ৪০ কিলোমিটাৰ বেগত আহিব ধুমুহা-বৰষুণ! ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমত কি হ’ব পৰিস্থিতি

0

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ বহুকেইখন ৰাজ্যত বৰষুণৰ আগজাননী আৰু সতৰ্কবাণী প্ৰদান কৰিছে। বিগত বৰ্ষত দেশৰ বহুকেইখন ৰাজ্যত অতিমাত্ৰা বৰষুণ হৈছিল। ২০২৬ চনতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি সদৰী কৰে বতৰ বিজ্ঞান বিভাগে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক ৭২ ঘণ্টাত দেশৰ বহুকেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ৭২ ঘণ্টাত কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ কিছু ঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট। উত্তৰ-পূবৰ বহু ঠাইত প্ৰচণ্ড ধুমুহাৰ সম্ভাৱনা আছে।

জম্মু-কাশ্মীৰ, লাডাখ. লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ, পুডুচেৰীতো ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। ছিকিমকে ধৰি পশ্চিমবংগত। ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগৰে আহিব এই ধুমুহা-বৰষুণ।

Leave A Reply

Your email address will not be published.