বাল্যকালৰে পৰা ১ নম্বৰত আছিল হিমন্ত বিশ্ব শৰ্মা…

0

এখন বিশেষ ৰেজিষ্টাৰ ।১৯৭২ চনৰ পৰা সংৰক্ষিত হৈ আছে ৰেজিষ্টাৰখন। ৰেজিষ্টাৰখনৰ ৰোল নং ১ ত আছিল এজন বিশেষ ব্যক্তি ।যিগৰাকী ব্যক্তি আজি ৰাজ্যজুৰি জনপ্ৰিয় ।তেখেত আন কোনো নহয় ।তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা।

যোৰহাট বাল্যভৱন। ঐতিহ্যমণ্ডিত এই যোৰহাট বাল্যভৱনৰ পৰাই আৰম্ভ হৈছিল অসমৰ ভৱিষ্যত। অসমৰ প্ৰথম খন অসমীয়া মাধ্যমৰ মন্টেশ্বৰী বিদ্যালয় । এইখন বিদ্যালয়তে শিক্ষাজীৱন আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সফলভাৱে সামৰণি পৰিল এই যোৰহাট বাল্যভৱনৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ। ভিন্ন কাৰ্যসূচীৰ লগতে এই মহাৰজত জয়ন্তীৰ এক বিশেষ কাৰ্যসূচীয়ে দৃষ্টি কাঢ়িলে সমবেত সকলোৰে।

বিদ্যালয়খনত সংৰক্ষিত হৈ আছে বহু পুৰণি এখন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ৰেজিষ্টাৰ। ১৯৭২ চনত এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট বাল্যভৱনত অধ্যয়ন কৰা সময়ৰ এই ৰেজিষ্টাৰখনৰ এক নম্বৰতে আছে মুখ্যমন্ত্ৰীৰ নাম।অৰ্থাত শ্ৰেণীত ৰোল নম্বৰ ১ আছিল মুখ্যমন্ত্ৰীৰ। সেয়ে ৰেজিষ্টাৰখন দেখিয়েই এতিয়া বহুতে কৈছে, বাল্যকালৰে পৰা এক নম্বৰত আছিল আমাৰ মুখ্যমন্ত্ৰী।

Leave A Reply

Your email address will not be published.