নেশ্যনেল ট্ৰেণ্ডত জিলিকিছে জুবিন গাৰ্গৰ অন্তিমখন ছবি

0

“বাহুবলী”কো পিছ পেলালে ” ৰৈ ৰৈ‌ বিনালে” কথাছবিয়ে

মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিলে ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবিখনে

মাজত মাত্ৰ কেইটামান ঘন্টা, মুক্তিৰ ক্ষণ গণিছে অসমৰ জনগণে অধীৰ অপেক্ষা কৰি থকা জুবিন গাৰ্গৰ অন্তিমখন ছবিলৈ । কিন্তু মুক্তিৰ পূৰ্বেই যেন ইতিহাস ৰচিলে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে।

৩১ অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ বাবে দেখা গৈছে এক অভূতপূৰ্ব ট্ৰেণ্ড । BookMyShow ত টিকট খুলি দিয়া মাত্ৰকেই সকলো হলৰ আগতীয়া টিকট বুকিং প্ৰায় শেষ।চাৰ্চ লিষ্টৰ শীৰ্ষ ট্ৰেণ্ডত এতিয়া “ৰৈ ৰৈ বিনালে”। 20 খন দেশত জুবিন গাৰ্গৰ ছবিখনৰ বাবে উত্তাল দৰ্শক। বলিউডৰ চিনেমাকো পিছ পেলাই শীৰ্ষত ৰল “ৰৈ ৰৈ বিনালে”….

এয়াই যেন হাৰ্টথ্ৰবগৰাকীৰ অমৰ শক্তি। ৰাইজক ভাল পোৱা জুবিন গাৰ্গে অন্তিমটো উপহাৰো যেন ৰাইজৰ মাজতে জিলিকাই ৰাখিলে…

Leave A Reply

Your email address will not be published.