সম্প্ৰীতিৰ শিৱসাগৰ,সম্প্ৰীতিৰ হৈ থাকিব…কি কি প্ৰস্তাৱ গ্ৰহণ নাগৰিক সভাৰ…

শিৱসাগৰ। ঐতিহাসিক আৰু সম্প্ৰীতিৰ থল এই শিৱসাগৰ। কিছু সংখ্যক মানুহে জাতি আৰু জাতিৰ মাজত, হিন্দু আৰু মুছলমানৰ লগত সংঘাত লগাবলৈ যদিও চেষ্টা কৰিছিল সেই চেষ্টা যে কোনো কাৰণত সফল নহয় সেয়া কালিৰ ঐতিহাসিক নাগৰিক সভাই প্ৰমাণ কৰি দিলে। এই মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।
বীৰ লাচিত সেনাৰ সদ্য অব্যাহতি প্ৰাপ্ত শৃংখল চলিহাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ নেতাই শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা নাগৰিক সভাখনক পক্ষপাতমূলক-এক পক্ষীয় বুলি অভিযোগ উত্থাপন কৰাৰ পিচত শনিবাৰে নাগৰিক সভাখনক এক ঐতিহাসিক সভা আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। নিজ গৃহত অনুষ্ঠিত কৰা এক সংবাদমেলত বিধায়ক গগৈয়ে কয় যে-কিছু সংখ্যক মানুহে জাতি আৰু জাতিৰ মাজত, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবলৈ যদিও চেষ্টা কৰিছিল সেই চেষ্টা যে কোনো কাৰণত সফল নহয় সেয়া কালিৰ ঐতিহাসিক নাগৰিক সভাই প্ৰমাণ কৰি দিলে।
নাগৰিক সভাখনে অত্যন্ত নিৰপেক্ষভাবে আৰু অসমৰ জাতীয় প্ৰশ্ন সঠিক অৱস্থান গ্ৰহণ কৰি খুউব বিজ্ঞানসন্মতভাবে অসমীয়া জাতিটো কেনেকৈ আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গল।
সংঘাত নহয়, সমন্বয় আৰু সম্প্ৰীতি, এই বাৰ্তা কালি শিৱসাগৰে সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিলে। লগতে এটা সঠিক পথো দেখুৱাই থৈ গল নাগৰিক সভাখনে।
শিৱসাগৰ যে সাম্প্ৰদায়িক সংঘাতৰ পথ নহয় সেয়া কৈ দিলে। ভাল খবৰ এইটোৱেই যে নাগৰিক সভাই একেসময়তে যেনেকৈ শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নাম লৈছে ঠিক একে সময়তে ইউনিছ তামুলীৰো নাম লৈছে।আৰু স্পষ্টকৈ কৈছে যে অসমীয়া মানুহৰ যি শংকা বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি, এইটো প্ৰত্যেকজজন অসমীয়াৰ শংকা। এই শংকা অখিল গগৈৰো। বিদেশীয়ে অসমৰ মাটি-ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি। কালি সেই মূল শংকাক নাগৰিক সভাই প্ৰকৃতাৰ্থত আলোচনা কৰিছে আৰু এটা পথ নিৰ্দেশনা দিছে।
তাৰ পিচতেই নাগৰিক সভাই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ এটা এটাকৈ সদৰি কৰিলে অখিল গগৈয়ে।
উজনি অসমত কোনো সন্দেহযুক্ত নাগৰিকে যদি চৰকাৰী ভূমি দখল কৰিছে,তেন্তে সেয়া কোনো কাৰণতে সমৰ্থন কৰা নহ’ব।সন্দেহযুক্ত নাগৰিকে শিৱসাগৰত গাওঁ পাতিব সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা হিন্দুৱেই হওক,শিৱসাগৰত দূৰৰ পৰা আহি অন্য কোনো জিলাৰ পৰা আহি চৰকাৰী ভূমি দখল কৰিব আমি কেতিয়াও নামানো। বিধায়ক হিচাপে স্পষ্টকৈ কৈছো শিৱসাগৰত কোনোবাই যদি চৰকাৰী ভূমি দখল কৰিছে সেয়া মানি লোৱা নহ’ব। প্ৰশাসনক উচ্ছেদ কৰিবলৈ দাবী জনালো।
দ্বিতীয়তে নাগৰিক সভাই কৈছে সঁচাকৈ অসমীয়া জাতিৰ অস্তিত্বলৈ সংকত আহিছে আৰু এই সংকত যদি দূৰ কৰিব লাগে তেন্তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। লগতে কলিতা আৰু নাথ যোগী সকলৰো জনজাতিকৰণ লাগে। অসম চৰকাৰক ছয় জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথ যোগীসকলক জন জাতিকৰণ কৰিবলৈ দাবী জনাইছো।
ST-SCৰ বাবে বিধানসভা, লোকসভা, চৰকাৰী চাকৰি ,শিক্ষা সকলোতে আসন সংৰক্ষিত কৰিব লাগে।
নাগৰিক সভাই সিদ্ধান্ত লৈছে ইয়াৰ পিচত সকলো খিলঞ্জীয়া মানুহৰ এখন গণসমাৱেশ অনুষ্ঠিত হ’ব।অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব।
১৬ আগষ্ট তাৰিখৰ পৰা খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা হ’ব। NRC সম্পূৰ্ণ কৰিবলৈ দাবী নাগৰিক সভাৰ। আৰু NRCত নাম থকা সকলোকে অসমীয়া নামৰ এখৰ আই কাৰ্ড দিবলৈ দাবী ।
যাৰ অসমীয়া নামৰ আই কাৰ্ডখন নাথাকিব তেওঁকেই বিদেশী বুলি চিনাক্ত কৰা হ’ব।
সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিবলৈ ভাৰতীয় সংবিধানৰ ৩৭১ এ অনুচ্ছেদ অসমত কাৰ্যকৰী কৰি অসমৰ মাটি আৰু খনিজ পদাৰ্থৰ ওপৰচত অসমৰ মানুহৰ অধিকাৰ থাকিবৰ বাবে অসমৰ কাৰণে কাৰ্যকৰী কৰিবলৈ দাবী
অখিল গগৈৰ মতে শিৱসাগৰৰ নাগৰিক সভাৰ অন্য এটা ইতিবাচক কথা এয়ে যে, সভাই শৃংখল চলিহাক নাকী লগালে। শৃংখলৰ বিৰুদ্ধে নাগৰিক সভাই অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবেই লাচিত সেনাই শৃংখলক অব্যাহতি দিলে আৰু তাৰ বাবে লাচিত সেনাক ধন্যবাদ জ্ঞাপন অখিল গগৈৰ।