৪৮ ঘন্টাৰ ভিতৰত মিঞাক উজনি অসম ত্যাগ কৰাৰ সকিয়নী…ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে…

0

দিন বাগৰাৰ লগে লগে উজনি অসম বিশেষকৈ শিৱসাগৰ জিলাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে। বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ সমুখত টাইপাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত মিঞাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটাছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্ব।
বুধবাৰে চৰাইদেউ জিলাৰ সোণাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমান পথত বসবাস কৰা এটা পৰিয়াল। টাইপাৰ অভিযোগ, পৰিয়ালটো মিঞা-সন্দেহজনক বাংলাদেশী।স্থানীয় এটা গৰিয়া সম্প্ৰদায়ৰ পৰিয়ালে ভজোত থকা একঠা মাটিৰ সলনি এই মাটিখিনি দিছিল ফাৰুক আহমেদ নামৰ লোকজনক। কিন্তু কিছুদিন পিচতেই ফাৰুক আহমেদ ড্ৰাগছৰ গোচৰত জেললৈ যোৱাৰ লগতে পোহৰলৈ আহিছিল বিভিন্ন অপৰাধত ফাৰুক জড়িত থকা বুলি। এই কথা জানিয়েই সলনি কৰা মাটিখিনি পুনৰ ঘুৰাই বিচাৰিছিল স্থানীয় গৰিয়া পৰিয়ালটোৱে। কিন্তু ঘুৰাই দিবলৈ মান্তি হোৱা নাছিল ফাৰুকৰ পৰিয়াল। কৰ্টৰ পৰাও নটিচ দিছিল পৰিয়ালটোক। কিন্তু কৰ্টৰ নটিচো মানি লোৱা নাছিল ফাৰুকে। উপায়ন্তৰ হৈ স্থানীয় পৰিয়ালটোৱে এই কথা জনাইছিল স্থানীয় টাইপাৰ সদস্যক। পৰিয়ালটোৰ অনুৰোধ মৰ্মেই বুধবাৰে ফাৰুকৰ ঘৰলৈ গৈছিল টাইপাৰ একাংশ সদস্য। আৰু তেতিয়াই হাতত দা লৈ টাইপাৰ সদস্যসকলক খেদি আহিছিল ফাৰুকৰ পৰিয়ালৰ পুৰুষ মহিলা সকলোৱে। সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিস্থিতিৰ।


এই পৰিস্থিতিৰ পিচতেই টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্ত থকা টাইপাৰ কৰ্মী-সদস্যসকলক বৃহস্পতিবাৰে সোণাৰীলৈ আহিবলৈ আহ্বান জনাইছিল। এই আহ্বান ক্ৰমেই বৃহস্পতিবাৰৰ দিনটোত সোণাৰী মবহকুমাৰ সমুখত সমবেত হৈছিল শ শ টাইপাৰ কৰ্মী। লগতে আটাছু-অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বহুকেইটা জাতীয় সংগঠনৰ নেতা কৰ্মীয়েও অংশ লৈছিল এই প্ৰতিবাদী সভাত। প্ৰতিবাদী এই সভাতেই মিঞাৰ বিৰুদ্ধে হুংকাৰ দল সংগঠনৰ নেতৃত্বৰ।


৪৮ ঘন্টাৰ ভিতৰত মিঞাক উজনি অসম এৰিবলৈ সকিয়নী প্ৰদান কৰে জাতীয় সংগঠনসমূহে।লগতে আক্ৰমণৰ বাবে উদ্যত হোৱা সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ নকৰিলে ১০০ ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণাৰ হুংকাৰ টাইপাৰ সভাপতি দিগন্ত তামুলীৰ।সভাৰ অন্তত প্ৰতিবাদকাৰী সকলে এক শোভাযাত্ৰা কৰি সোণাৰি থানা ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে থানাৰ সমুখ।

Leave A Reply

Your email address will not be published.