হোৰা-হোৰে কমিছে কেঁচা চাহপাতৰ মূল্য
ক্ৰমাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাত হাহাকাৰৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ২২/২৩ টকা দৰত প্ৰস্তুত হোৱা প্ৰতিকিলো কেঁচা চাহপাত আজি বিক্ৰী হৈছে মাত্ৰ ১৯ টকাত!

চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়কসকল। মূৰে-কপালে হাত দিছে কৃষকে। টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ। যিটো সময়ত চাহপাতৰ দাম বৃদ্ধি পাব লাগিছিল সেই সময়ত হোৰাহোৰে কমিছে চাহপাতৰ দাম । চৰকাৰৰলৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ আহ্বান, অতি শীঘ্ৰে কেঁচা চাহপাতৰ দাম বৃদ্ধিৰ ব্যৱস্থা কৰক। অন্যথা আৰু অধিক জটিল সমস্যাৰ সন্মুখীন হ’ব খেতিয়কসকল।