প্ৰধানমন্ত্ৰী মোডীলৈ বিশেষ সন্মান অসমীয়া জীয়ৰী সংযুক্তা দত্তৰ…

সংয়ুক্তা দত্ত। নামটো নুশুনা মানুহ খুউব কমেইহে ওলাব। অসমীয়া জীয়ৰী সংযুক্তা দত্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ। অসমীয়াৰ ঐতিহ্য পাট-মুগাত থলুৱা “থীম” ব্যৱহাৰ কৰি পোছাক ডিজাইন কৰি ইতিপূৰ্বে বিশ্বজুৰি পৰিচিতি লাভ কৰিছে সংযুক্তাই।
কোনে পিন্ধা নাই সংযুক্তাই ডিজাইন কৰা সাজ। কোনে ৰেম্পত কেটৱাক কৰা সংযুক্তাৰ হাতৰ পৰশত জীপাল হৈ উঠা ড্ৰেছ পিন্ধি। হলীউড-বলীউডৰ মহা তাৰকাৰ পৰা নামী দামী মডেললৈ।
এইগৰাকী সংযুক্তাই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আগবঢ়ালে এক বিশেষ সন্মান। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিচ্ছবি সজ্জিত এটি হস্তবুনিত অঙ্গবস্ত্ৰৰে বিশেষ সন্মান দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ।